২৪ ডিচেম্বৰ, ২০২৩ – ভাৰত মহাসাগৰ, ভাৰতীয় উপকূলৰ সমীপত
অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰা এক আচৰিত কাণ্ডত ভাৰতৰ উপকূলৰ পৰা প্ৰায় ২০০ নটিকেল মাইল দূৰত ভাৰত মহাসাগৰত এম ভি কেম প্লুটো নামৰ এখন ৰাসায়নিক টেংকাৰ ইৰাণৰ ড্ৰোন আক্ৰমণৰ বলি হয় । স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১০ বজাত সংঘটিত হোৱা এই আক্ৰমণৰ ফলত জাহাজখনত বিস্ফোৰণ ঘটে আৰু পৰৱৰ্তী সময়ত অগ্নিকাণ্ড সংঘটিত হয়।
সৌভাগ্যক্ৰমে ২১ জন জাহাজ কৰ্মীৰ কোনো হতাহতিৰ খবৰ পোৱা নগ’ল । এই আটাইকেইজনেই ভাৰতীয় নাগৰিক। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে এই তথ্য নিশ্চিত কৰিছে । ২০২১ চনৰ পিছত ইৰাণ জড়িত বুলি অভিযোগ উত্থাপন হোৱা বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা এইটো সপ্তমটো আক্ৰমণ।
আমেৰিকাৰ এই অভিযোগৰ পিছতে ইৰাণৰ উপ-বিদেশ মন্ত্ৰীয়ে দেশখনৰ জড়িততাক দৃঢ়তাৰে অস্বীকাৰ কৰি এই আক্ৰমণ য়েমেনৰ হাউথী বিদ্ৰোহীৰ দ্বাৰা সংঘটিত হোৱা বুলি কয়।তেহৰাণক প্ৰত্যক্ষ দায়িত্বৰ পৰা আঁতৰাই ৰাখি মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে এই গোটসমূহে স্বতন্ত্ৰভাৱে কাম কৰে।
ছৌদি আৰৱৰ জুবাইল বন্দৰৰ পৰা মাংগালুৰলৈ ৰাসায়নিক সামগ্ৰী কঢ়িয়াই অনা জাহাজখন ক্ষতিগ্ৰস্ত হয় যদিও ভাৰতৰ উপকূলৰ ওচৰলৈ যাবলৈ সক্ষম হয় । ভাৰতীয় নৌসেনা আৰু ক’ষ্ট গাৰ্ডে দ্ৰুত সঁহাৰি জনাই এমভি কেম প্লুটোক সহায় কৰিবলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰে । জাহাজখনে মুম্বাইৰ দিশত নিজৰ গতিপথ পুনৰ নিৰ্দেশিত কৰাৰ লগে লগে জাহাজকৰ্মীয়ে জাহাজখনৰ শক্তি ব্যৱস্থাসমূহৰ ক্ষতিৰ মূল্যায়ন আৰু মেৰামতিৰ কাম আৰম্ভ কৰে।
লোহিত সাগৰত হাউথী বিদ্ৰোহীযৰ দ্বাৰা সংঘটিত হৈ থকা ধাৰাবাহিক উচটনিমূলক ড্ৰোন আৰু মিছাইল আক্ৰমণৰ মাজতে এই কাণ্ড সংঘটিত হৈছে। প্ৰথম অৱস্থাত ইজৰাইল-হামাছ সংঘাতৰ সময়ত ইজৰাইলৰ সৈতে জড়িত জাহাজসমূহক লক্ষ্য কৰি এই আক্ৰমণসমূহ কৰা হৈছিল । সম্প্ৰতি ইয়াক সম্প্ৰসাৰিত কৰি বিশ্বৰ বাণিজ্যিক পথসমূহ বিঘ্নিত কৰাৰ বাবে এই সংঘাতৰ সৈতে কোনো স্পষ্ট সম্পৰ্ক নথকা জাহাজসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ।
ভাৰতৰ উপকূলৰ সমীপতে এই আক্ৰমণ সংঘটিত হয় যদিও এই ঘটনা ভাৰতৰ এক্সক্লুছিভ ইকনমিক জ’ন (EEZ)ৰ বাহিৰত সংঘটিত হয়। যিহেতো ভাৰতৰ কৰ্তীত্বাধীন জলভাগৰ সমীপত এই ঘটনা সংঘটিত হৈছে সেয়ে আৱাসী শক্তি হিচাপে ভাৰতীয় কৰ্তৃপক্ষই এই কাণ্ডৰ তদন্তৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে। ভাৰতৰ গন্তব্যস্থানৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষী বাহিনীয়ে জাহাজখনৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছিল, জাহাজখনলৈ আৱশ্যকীয় সহায় আগবঢ়াইছিল ।
হিন্দুস্তান টাইমচত প্ৰকাশ পোৱা অনুসৰি শেষ নিশা জাৰি কৰা এক বিবৃতিত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নিশ্চিত কৰে যে এম ভি কেম প্লুটো জাহাজত লগা জুই জাহাজকৰ্মীয়ে নিৰ্বাপিত কৰিছে। ষ্টিয়াৰিঙৰ সমস্যাৰ বাবে এস্কৰ্টৰ সহায় বিচৰা জাহাজখনক মুম্বাইলৈ যোৱাৰ সময়ত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ বিক্ৰমে এস্কৰ্ট কৰাৰ কথা আছিল। সামুদ্ৰিক কৰ্তৃপক্ষ আৰু জাহাজখনৰ এজেণ্টসকলৰ মাজত বাস্তৱ সময়ৰ সমন্বয়ৰ দ্বাৰা নিশ্চিত কৰা হৈছিল যে কোনো লোকৰ মৃত্যু যাতে নহয় আৰু গোটেই যাত্ৰাটোত সুকলমে চলি থকা বাবে প্ৰয়োজনীয় সহায়ৰ প্ৰতিশ্ৰুতি দিছিল।
এই পৰিঘটনাৰ পিছত সামুদ্ৰিক নিৰাপত্তাৰ বিষয়ে উদ্বেগৰ সৃষ্টি হৈছে । আঞ্চলিক উত্তেজনা আৰু গুৰুত্বপূৰ্ণ বাণিজ্যিক পথসমূহত ব্যাঘাত জন্মাৰ ওপৰত বিশ্বব্যাপী নিৰীক্ষণ তীব্ৰতৰ কৰি তোলা হৈছে। পৰিস্থিতিৰ সূচনা হোৱাৰ লগে লগে অংশীদাৰসকলে গভীৰ নিৰীক্ষণ কৰি আছে লগতে অঞ্চলটোৰ সামুদ্ৰিক কাৰ্যকলাপক প্ৰভাৱিত কৰা ক্ৰমাৎ বৃদ্ধি পোৱা এনে কাণ্ডৰ সম্পূৰ্ণ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।