উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ব্ৰহ্মখাল-যমুনোত্ৰী নেশ্চনেল হাই ৱেইৰ চিল্কয়াৰা আৰু দন্দলগাঁওৰ মাজত নিৰ্মানৰত এক সুৰংগ পথত যোৱা 12 নৱেম্বৰৰ পৰা আবদ্ধ হৈ থকা 41 জন কৰ্মীক উদ্ধাৰৰ বাবে ভূ-বিজ্ঞানী,অভিযন্তা,সুৰংগ নিৰ্মান বিশেষজ্ঞ আৰু ভূ-কাৰিকৰী বিশেষজ্ঞকে ধৰি বিশেষ ভাবে নিৰ্বাচিত উদ্ধাৰকৰ্মীয়ে ৰাতি-দিন চেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মানৰত এই টানেলৰ ভিতৰত 12 নৱেম্বৰৰ পৰা যোৱা দহ দিন ধৰি ভূমিস্খলন হোৱাৰ ফলত 41 জন কৰ্মী আৱদ্ধ হৈ আছে ।
ভূমি স্খলনৰ ফলত টানেলত আৱদ্ধ হৈ পৰা কৰ্মী কেইজনক উদ্ধাৰৰ বাবে আবৰ্জনা,শিল-বালিৰ মাজেৰে এডাল উদ্ধাৰ সুৰংগ পথ তৈয়াৰ কৰিবৰ বাবে প্ৰায় 60 মিটাৰ গভীৰতাৰ গাঁত ফুটা কৰিব লগা হৈছে । বাতৰি প্ৰতিষ্ঠান ৰয়েটাৰ্চৰ এক বাতৰিত প্ৰকাশ পোৱা অনুসৰি ইতিমধ্যে 42 মিটাৰ ফুটা কৰা হৈছে । livemint.com নামৰ এক নিউজ ৱেবচাইটত প্ৰকাশিত বাতৰি অনুসৰি টানেলত আৱদ্ধ কৰ্মী সকলৰ উদ্ধাৰৰ লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰিবৰ বাবে উদ্ধাৰ স্থলীত 4 খন এম্বুলেঞ্চ সাজু কৰি ৰখা হৈছে ।
[…] উত্তৰ কাশীৰ চিলকয়াৰা টানেলত যোৱা 12 নৱেম্বৰৰ পুৱা নিৰ্মানৰত এক […]