এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত ভাৰতীয় কেন্দ্ৰীয় কেবিনেটে ৩ অক্টোবৰ,2024 তৰিখে অতিৰিক্ত পাঁচটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে । এই ভাষা কেইটা হৈছে- ক্ৰমে অসমীয়া,বাংলা,মাৰাঠী,পালি,আৰু প্ৰাকৃত। এই পদক্ষেপে ভাৰতৰ চহকী ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে চৰকাৰৰ নিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ধ্ৰুপদী ভাষা কি?
ধ্ৰুপদী ভাষাৰ মৰ্যদা পাবলৈ হ’লে এটা ভাষাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে স্থাপন কৰি দিয়া কিছুমান বৈশিষ্ট থকা উচিত । যিবোৰ ভাষাই এই বৈশিষ্ট সমূহ বহন কৰি আহিছে সেই ভাষাবোৰেই ধ্ৰুপদী ভাষা।
এই বৈশিষ্ট সমূহৰ ভিতৰত আছে:
১/ প্ৰাচীনকাল: ভাষাটোৰ লিপিবদ্ধ ইতিহাস কমেও ১৫০০ৰ পৰা ২০০০ বছৰ হ’ব লাগিব।
২/ চহকী সাহিত্যিক পৰম্পৰা: এই ভাষাত ৰচিত মূল্যৱান ৰূপে গণ্য কৰা ঐতিহ্যময় প্ৰাচীন সাহিত্য বা গ্ৰন্থৰ বিশাল ভাণ্ডাৰ থাকিব লাগিব ।
৩/ মূল সাহিত্যিক পৰম্পৰা: এই সাহিত্যিক ৰচনাসমূহ আন পৰম্পৰাৰ পৰা ধাৰ লোৱা হ’ব নালাগিব ।
৪/ সাংস্কৃতিক ঐতিহ্য: এই ভাষাই কোনো বিশেষ অঞ্চল বা সম্প্ৰদায়ৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰিব লাগিব ।
পূৰ্বতে ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰা ভাষা সমূহ
এই শেহতীয়া সিদ্ধান্তৰ পূৰ্বে মাত্ৰ ছটা ভাষাইহে এই সন্মানীয় ধ্ৰুপদী মৰ্যাদা লাভ কৰিছিল :
সেই ভাষা কেইটা হৈছে-
১.তামিল (২০০৪ চনত অনুমোদিত)
২.সংস্কৃত (২০০৫)
৩/ তেলেগু (২০০৮)
৪/ কানাড়া (২০০৮)
৫/ মালয়ালম (২০১৩)
৬.অডিয়া (২০১৪)
ভাষিক প্ৰভাৱ আৰু ভাষীৰ জনগাঁথনি
মাৰাঠী, বাংলা, অসমীয়া, পালি, আৰু প্ৰাকৃতক ধ্ৰুপদী ভাষা হিচাপে অন্তৰ্ভুক্ত কৰাৰ ফলত ভাৰতত মুঠ ধ্ৰুপদী ভাষাৰ সংখ্যা হ’লগৈ ১১টা । এই ভাষাসমূহ আৰু এই প্ৰতিটো ভাষা কোৱা লোকৰ জনসংখ্যাৰ বিভাজন ইয়াত দিয়া হ’ল:
১/ মাৰাঠী: মূলতঃ মহাৰাষ্ট্ৰ ৰাজ্যত প্ৰচলিত । এই ভাষা কোৱা লোকৰ সংখ্যা **৮৩ নিযুত । মাৰাঠী ভাষাৰ সহস্ৰাব্দৰ ওপৰৰ এক সমৃদ্ধ সাহিত্যিক আৰু ঐতিহাসিক পৰম্পৰা আছে।
২/ বাংলা বিশ্বজুৰি ২৬৫ মিলিয়ন ভাষীৰে বাংলা বিশ্বজুৰি সৰ্বাধিক কথিত ভাষাৰ ভিতৰত অন্যতম । প্ৰধানকৈ ভাৰতৰ পশ্চিমবংগ আৰু ত্ৰিপুৰা ৰাজ্যৰ লগতে বাংলাদেশতো এই ভাষা কোৱা হয়।
৩) অসমীয়া: প্ৰায় ১৫ নিযুত লোকে কোৱা এই ভাষা প্ৰধানকৈ উত্তৰ-পূবৰ ৰাজ্য অসমত কোৱা হয় । অসমীয়া ভাষাৰ চহকী সাহিত্য ঐতিহ্য ত্ৰয়োদশ শতিকালৈকে বিচাৰি পোৱা যায় ।
৪) পালি: প্ৰাচীন ভাষা, পালি বৌদ্ধ ধৰ্মৰ শাস্ত্ৰ আৰু বিভিন্ন গ্ৰন্থত বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল । আজিৰ তাৰিখত ইয়াৰ কোনো থলুৱা ভাষী নাই যদিও ধৰ্মীয় আৰু শৈক্ষিক মহলত ই প্ৰভাৱশালী হৈয়েই আছে।
৫) প্ৰাকৃত: প্ৰাচীন ভাৰতত কথিত এই ভাষা মধ্য ভাৰত-আৰ্য্য ভাষাৰ এটা গোট । প্ৰাকৃতে ধ্ৰুপদী সংস্কৃত সাহিত্যক প্ৰভাৱিত কৰিছিল আৰু আজিও জৈন ধৰ্মীয় গ্ৰন্থত ভূমিকা পালন কৰি আছে ।
ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ তাৎপৰ্য
ধ্ৰুপদী ভাষাৰ নামকৰণে উল্লেখযোগ্য সুবিধা প্ৰদান কৰে, য’ত অন্তৰ্ভুক্ত:
- চৰকাৰী পুঁজি: গৱেষণা, সংৰক্ষণ, আৰু প্ৰচাৰৰ বাবে চৰকাৰী পুঁজি আৱণ্টন দিয়া হয় ।
- বিশেষ বিভাগ: বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহে এই ভাষাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সম্পদ লাভ কৰে ।
- শৈক্ষিক আগ্ৰহ বৃদ্ধি: এই ভাষাসমূহ অধ্যয়ন কৰিবলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰী আৰু পণ্ডিতসকলক সহায় কৰিবলৈ বৃত্তি আৰু ফেল’শ্বিপ স্থাপন কৰা হ’ব।
এই স্বীকৃতিয়ে প্ৰাচীন ভাষা আৰু ইয়াৰ সাহিত্য সংৰক্ষণত সহায় কৰাই নহয়, ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ইতিহাসৰ গভীৰ বুজাবুজিৰ প্ৰসাৰ ঘটাব। ই আঞ্চলিক ভাষালৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে এই ভাষাৰ ঐতিহ্য আৰু জাতীয় ঐক্যক লালন-পালন কৰাত উৎসাহিত কৰিছে ।
এই পদক্ষেপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ভাষিক বৈচিত্ৰ্যক উদযাপন কৰাৰ বহল পদক্ষেপৰ অংশ, এই ভাষাসমূহে প্ৰতিনিধিত্ব কৰা চহকী সাংস্কৃতিক ঐতিহ্য যাতে আগন্তুক প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকে তাৰ এক দূৰ-দৰ্শী পদক্ষেপ বুলিব পাৰি।