জিন প্ৰকাশ নিয়ন্ত্ৰণ কৰা সৰু আৰ এন এ(small RNA molecules) অণু মাইক্ৰ’আৰ এন এ (miRNA)ৰ যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ২০২৪ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে ভিক্টৰ এম্ব্ৰ’ছ আৰু গেৰী ৰুভকুনে। এই গৱেষণাই জিনীয় নিয়ন্ত্ৰণ আৰু কেন্সাৰ, হৃদৰোগ, আৰু স্নায়ুৰ অৱক্ষয়ী বিকাৰৰ দৰে ৰোগত ইয়াৰ ভূমিকা সম্পৰ্কে গভীৰ ভাবে বুজাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে।
মেছাচুচেটছ বিশ্ববিদ্যালয়ৰ অধ্যাপক এম্ব্ৰ’ছ আৰু হাৰ্ভাৰ্ডৰ ৰুভকুনে প্ৰথমবাৰৰ বাবে ১৯৯০ চনৰ আৰম্ভণিতে miRNA (microRNAs) আৱিষ্কাৰ কৰিছিল। তেওঁলোকৰ এই আৱিষ্কাৰে চিকিৎসা গৱেষণাৰ নতুন পথ মুকলি কৰিছে, বিশেষকৈ ব্যক্তিগতকৃত ঔষধ আৰু বিশেষ উদ্দেশ্য ভিত্তিক চিকিৎসাৰ ক্ষেত্ৰত ই এক অভুতপূৰ্ব সাফল্য।
উল্লেখযোগ্য যে সৰু আৰ এন এ অণুবোৰ চুটি । নন-ক’ডিং আৰ এন এৰ সাধাৰণতে প্ৰায় ২০ৰ পৰা ৩০ নিউক্লিঅ’টাইডেৰে গঠিত । প্ৰটিন সংশ্লেষণৰ বাবে টেমপ্লেট হিচাপে কাম কৰা মেচেঞ্জাৰ আৰ এন এ (mRNA)ৰ বিপৰীতে সৰু আৰ এন এয়ে জিন প্ৰকাশ নিয়ন্ত্ৰণ আৰু জিন’মিক অখণ্ডতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জিন নিস্তব্ধকৰণ, আৰ এন এৰ হস্তক্ষেপ, ভাইৰাছৰ জিনম আৰু ট্ৰেন্সপ’জেবল উপাদানৰ বিৰুদ্ধে প্ৰতিৰক্ষা আদি বিভিন্ন কোষীয় প্ৰক্ৰিয়াৰ সৈতে জড়িত।
পটভূমি আৰু কৃতিত্ব
১৯৫৩ চনত জন্মগ্ৰহণ কৰা এম্ব্ৰ’ছে বিকাশ জীৱবিজ্ঞানত(Developmental Biology) বিশেষকৈ জিনে বিকাশ কেনেকৈ নিয়ন্ত্ৰণ কৰে সেই বিষয়ে বুজাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। নোবেল বঁটা বিজয়ী ডেভিদ বাল্টিমোৰৰ অধীনত এমআইটিৰ (MIT) পৰা তেওঁ পি এইচ ডি লাভ কৰে । C. elegans নামৰ কৃমিৰ ওপৰত অধ্যয়ন কৰি থাকোঁতে তেওঁ miRNAৰ এই যুগান্তকাৰী আৱিষ্কাৰ কৰে।
C. elegans (Caenorhabditis elegans) হৈছে এটা সৰু, স্বচ্ছ ঘূৰণীয়া কৃমি (nematode) । ইয়াক সাধাৰণতে বৈজ্ঞানিক গৱেষণাত আৰ্হি জীৱ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১ মিলিমিটাৰ আৰু ই মাটিত বাস কৰে ।ইয়াৰ খাদ্য বেক্টেৰিয়া। ইয়াৰ সৰল গঠন, চুটি জীৱনচক্ৰ আৰু ভালদৰে মেপ কৰা জিনমৰ বাবে চি.এলিগেন্স জিনীয় আৰু বিকাশমূলক জীৱবিজ্ঞানত বিশেষভাৱে মূল্যৱান । গৱেষকসকলে ইয়াক জিনৰ কাৰ্য্যকলাপ, কোষৰ বিকাশ আৰু স্নায়ুজনিত প্ৰক্ৰিয়াৰ অধ্যয়নৰ লগতে বাৰ্ধক্য, ৰোগ আৰু কোষৰ মৃত্যুৰ ব্যৱস্থাৰ বিষয়ে অন্তৰ্দৃষ্টি লাভৰ বাবেও বহুলভাৱে ব্যৱহাৰ কৰিছে।
হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ জীৱবিজ্ঞানী ৰুভকুনে বয়স বৃদ্ধি(aging research)ৰ গৱেষণা আৰু বিপাকীয় নিয়ন্ত্ৰণ (metabolic regulation)ত যথেষ্ট অৰিহণা যোগাইছে । C. elegansকে ধৰি জিনীয় বিষয়ত তেওঁৰ কামৰ ফলত miRNA পথত অপৰিহাৰ্য lin-4 জিন আৱিষ্কাৰ হয়। এই যুটিৰ সামূহিক গৱেষণাই জিনীয় বিজ্ঞানৰ বিষয়ে আমাৰ জ্ঞান আৰু বুজাবুজি বৃদ্ধি কৰাই নহয়, কেন্সাৰ চিকিৎসাকে ধৰি দুৰাৰোগ্য ৰোগৰ নতুন চিকিৎসা সম্ভাৱনাও মুকলি কৰিছে।
তেওঁলোকৰ এই কামে, তেওঁলোকৰ গৱেষণাৰ পৰিৱৰ্তনশীল প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্ৰেকথ্ৰু বঁটা (Breakthrough Prize) আৰু লেস্কাৰ বঁটা(and the Lasker Award))ৰ দৰে কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছে । নোবেলৰ স্বীকৃতিয়ে জৈৱ-চিকিৎসা ক্ষেত্ৰত তেওঁলোকৰ উত্তৰাধিকাৰক আৰু অধিক শক্তিশালী কৰি তুলিছে।
এই আৱিষ্কাৰে জিন থেৰাপী, ঔষধৰ বিকাশ আৰু বহুতো ক্ষেত্ৰত ভৱিষ্যতৰ উদ্ভাৱনৰ পথ মুকলি কৰিছে।
BREAKING NEWS
— The Nobel Prize (@NobelPrize) October 7, 2024
The 2024 #NobelPrize in Physiology or Medicine has been awarded to Victor Ambros and Gary Ruvkun for the discovery of microRNA and its role in post-transcriptional gene regulation. pic.twitter.com/rg3iuN6pgY