ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটক দেহৰ ওজন অধিক হোৱাৰ বাবে পেৰিছ অলিম্পিক-2024ৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে । মহিলাৰ 50 কেজি শাখাৰ ফাইনেলৰ ঠিক আগে আগে লোৱা দৈহিক ওজন মাপত তেওঁৰ দেহৰ ওজন 150 গ্ৰাম অধিক পোৱা গ’ল ।
বছৰ বছৰ ধৰি কৰা নিষ্ঠা, একাগ্ৰ প্ৰচেষ্টা আৰু ব্যতিক্ৰমী প্ৰদৰ্শনৰ জৰিয়তে নিজৰ বাবে এক নিৰ্দিষ্ট স্থান খোদিত কৰা তথা মেটত চঞ্চলতা আৰু শক্তিৰ বাবে পৰিচিত ফ’গাটক পেৰিছ অলিম্পিকত দেশৰ বাবে সোণৰ পদৰ এক শক্তিশালী দাবীদাৰ ৰূপে আশা কৰা হৈছিল । সমগ্ৰ বিশ্বৰ বহু উচ্চাকাংক্ষী মল্লযুঁজাৰুৰ বাবে আশাৰ প্ৰতীক আৰু প্ৰেৰণাৰ উৎস হিচাপে আত্মপ্ৰকাশ কৰা এই গৰাকী মল্ল যুঁজাৰুক অলিম্পিক কমিটিয়ে দেহৰ ওজন অধিক হোৱাত অযোগ্য ঘোষণা কৰা ঘটনাই সমগ্ৰ দেশবাসীৰ আশাৰ মূৰত চেঁচা পানী ঢালিলে। শক্তিশালী মল্লযুঁজৰ বংশৰ পৰিয়ালৰ পৰা অহা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা মঞ্চতে তেওঁ প্ৰদৰ্শন কৰা পূৰ্বৰ সাফল্যৰ দ্বাৰা এগৰাকী দুৰ্দান্ত খেলুৱৈ হিচাপে তেওঁৰ পৰা দেশে যথেষ্ট আশা কৰিছিল ।
“কাম বেক ষ্ট্ৰংগাৰ”: বিনেশ ফ’গাটৰ অলিম্পিকৰ অযোগ্যতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী
খেলুৱা গৰাকীক অলিম্পিকত অযোগ্য ঘোষণা কৰাৰ কেইমিনিট মানৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত এটা বাৰ্তা প্ৰেৰণ কৰি “কম বেক ষ্ট্ৰংগাৰ” বুলি প্ৰেৰণা দি মল্লযুঁজাৰুগৰাকীক আশা হেৰুৱাব নালাগে আৰু শক্তিশালী হৈ ঘূৰি আহিবলৈ কয় । তেওঁ লগতে কয় “বিনেশ, আপুনি চেম্পিয়নৰ মাজত চেম্পিয়ন ! আপুনি ভাৰতৰ গৌৰৱ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা। আজিৰ বিপৰ্যয়ই আঘাত দিছে। মই অনুভৱ কৰোঁ যে মই যি হতাশাৰ ভাৱ অনুভৱ কৰিছো সেয়া শব্দই প্ৰকাশ কৰিব যদি পাৰিলোহেঁতেন ! একে সময়তে মই জানো যে আপুনি সহজে ভাগি নপৰাৰ এক প্ৰতীক । ‘আমি সকলোৱে আপোনাৰ ধৰণি ধৰি আছো।’ প্ৰধানমন্ত্ৰীয়ে এই কথাখিনি Xত প্ৰকাশ কৰিছে ।
Vinesh, you are a champion among champions! You are India's pride and an inspiration for each and every Indian.
— Narendra Modi (@narendramodi) August 7, 2024
Today's setback hurts. I wish words could express the sense of despair that I am experiencing.
At the same time, I know that you epitomise resilience. It has always…
মল্লযুঁজাৰু বিনেশ ফ’গাটে মাত্ৰ 100 গ্ৰাম অতিৰিক্ত ওজনৰ বাবে পেৰিছ অলিম্পিকৰ পৰা ক্ৰেচ আউট হয় । খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পিছতে সৃষ্টি হোৱা বিতৰ্কৰ সাম পেলাই অলিম্পিক কমিটিয়ে ঘোষণা কৰিছে যে এই বিষয়ত পুণৰ বিবেচনাৰ কোনো থল নাই ।
উল্লেখযোগ্য যে যোৱা মংগল বাৰে বিনেশ ফ’গাটে অলিম্পিকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপে ইতিহাস ৰচনা কৰে। ১৬ ৰাউণ্ডত জাপানৰ ইউই চুছাকিক, কোৱাৰ্টাৰ ফাইনেলত ইউক্ৰেইনৰ অক্সানা লিভাঞ্চক আৰু ছেমি ফাইনেলত কিউবাৰ ইউছলেলিছ গুজমান লোপেজক পৰাস্ত কৰে মল্লযুঁজাৰুগৰাকীয়ে। কিন্তু ফাইনেল খেলৰ আগমুহূৰ্ত্তত হঠাৎ এইদৰে অযোগ্য ঘোষিত হোৱাত খেলুৱৈ গৰাকী মানসিক ভাবে ভাগি পৰিছে আৰু হয়তো অৱসৰ ঘোষণা কৰাৰ সিদ্ধান্তও ল’ব পাৰে বুলি আশা কৰা যায়।
ইয়াৰ পূৰ্বে ফ’গাটে কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ কেইবাটাও সোণৰ পদক লাভ কৰিছে, যিয়ে তেওঁৰ আৰু ভাৰতীয় মল্লযুঁজৰ প্ৰফাইল বিশ্ব মঞ্চত যথেষ্ট উন্নীত কৰিছে। প্ৰতিটো জয়ৰ লগে লগে তেওঁ ভাৰতীয় মল্লযুঁজৰ মৰ্যাদাক উন্নীত কৰি আহিছে, দেশবাসীৰ মাজত জাতীয় গৌৰৱৰ ভাৱ গঢ়ি তুলিছে। অলিম্পিকত তেওঁৰ অংশগ্ৰহণৰ প্ৰত্যাশা স্পষ্ট আছিল, যিয়ে ভাৰতীয় ক্ৰীড়াৰ বাবে সম্ভাৱনাময়ভাৱে চিহ্ন অংকিত কৰা এক বিশেষ মুহূৰ্ত হ’ব পৰা ছবি এখন অংকন কৰিছিল।
অলিম্পিকৰ পূৰ্বৰ পৰিৱেশ উচ্চ আশাৰে ভৰি পৰিছিল। ৱিনেশ ফ’গাটক দেশলৈ পদক আনিবলৈ সাজু হোৱা অন্যতম মূল প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতাাশা কৰা হৈছিল । কিন্তু অতি অপ্ৰত্যাশিতভাবে তাইক অযোগ্য ঘোষণা কৰা ঘটনাই অতি সোনকালেই উত্তেজনাৰ ওপৰত ছাঁ পেলাইছে । এই অপ্ৰত্যাশিত পৰিঘটনাই অনুৰাগীক স্তম্ভিত কৰাই নহয়, ইমান উল্লেখযোগ্য সিদ্ধান্তৰ পৰিস্থিতি আৰু প্ৰভাৱৰ সন্দৰ্ভত বিতৰ্কৰ সূচনা কৰিছে ।
ভাৰতীয় মল্লযুঁজৰ দৃঢ়তা আৰু উৎকৃষ্টতাৰ সমাৰ্থক নাম বিনেশ ফ’গাটে টকিঅ’ অলিম্পিকৰ বাবে প্ৰস্তুতিৰ বাবে এক কঠোৰ যাত্ৰাত নামিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়কে সামৰি লোৱা এক নিবিড় প্ৰশিক্ষণ ব্যৱস্থাৰ জৰিয়তে এই ক্ৰীড়াৰ প্ৰতি তেওঁৰ সমৰ্পণ প্ৰদৰ্শন কৰা হৈছিল।
[…] […]